Posts

Showing posts from October, 2017

Xyz

Image
"নিচিনো তোমাক ক’ত আছা প্ৰভু আমি অতি সৰু ল’ৰা। চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা।।" 'ঈশ্বৰ' পদ্য তথা প্ৰাৰ্থনাৰে আৰম্ভণি হৈছিল আমাৰ শিক্ষাৰ সময়। 'কুঁহিপাঠ'ৰ অন্তৰ্গত 'বিহগী কবি' ৰঘুনাথ চৌধাৰীদেৱৰ এই পদ্যটোৰ সৈতে পুৱা আৰু সন্ধিয়াবোৰৰ এক নিকট সম্পৰ্ক আছিল। যিটো মচিব নোৱাৰাকৈ নষ্টালজিয়া হৈ ৰৈ গ'ল।       'ঈশ্বৰ', 'কেতেকী' ইত্যাদি কবিতাৰ জৰিয়তে কিতাপৰ পাতত চিনাকি হৈছিলোঁ 'বিহগী কবি'ৰ সৈতে। কবিতা আৰু কবিৰ প্ৰতি কেনেকৈ, ক'ত, কেতিয়া প্ৰেমত পৰিলোঁ নাজানো। কিন্তু, 'ঈশ্বৰ' প্ৰাৰ্থনাৰে পৰিচয় পাইছিলোঁ ৰঘুনাথ চৌধাৰীৰ, 'কেতেকী' কবিতাৰে প্ৰেমত পৰিছিলোঁ।       আমি পঢ়িলোঁ, শিকিলোঁ। আমাৰ আগৰ কালছোৱাত কেনেকুৱা পাঠ্যক্ৰম আছিল বহুত বেছি জ্ঞাত নহয়, তথাপি মাৰ মুখত, ঘৰৰ আন সদস্যৰ মুখত শুনি কিছু জানিবলৈ সক্ষম হৈছিলোঁ। তেওঁলোকৰো ভাগ্যত এনেকুৱা পাঠ পঢ়াৰ সুবিধা মিলিছিল। আমাৰ অগ্ৰজসকলে শিকিলে, আমি শিকিলোঁ কিন্তু আমাৰ অনুজসকলে ক'ৰ পৰা শিকিব! তেওঁলোকৰ প্ৰতি জানো আমাৰ দায়িত্ব নাই, এনেকুৱা ব্যক্তিসকলৰ লগত পৰিচয় কৰাই দ

Image
অসমীয়া বৰ্ণমালাৰ প্ৰথম অক্ষৰ 'অ' বৰ্ণটো লিখাৰ পদ্ধতি‍ চাওক -

সূৰ্য

সুৰুয, বেলি, দিবাকৰ, দিবামণি
'শব্দকোষ'-ৰ জৰিয়তে ইণ্টাৰনেটৰ জগতখনত অসমীয়া ভাষাৰ শব্দসমূহৰ  উচ্চাৰণ,অৰ্থ আৰু প্ৰয়োজন সাপেক্ষে  অৰ্থৰ লগত সংগতি থকা আলোকচিত্ৰ, ছবি আৰু দৃশ্য-শ্ৰব্য মাধ্যম সংযোগ কৰি বিষয় একোট সহজবোধ্য কৰিবলৈ চেষ্টৈ কৰা হৈছে ৷ গোটেই প্ৰকল্পটোৰ বাবে  বহুত সময়ৰ প্ৰয়োজন হ'ব ৷ তিনিবছৰমানৰ অন্ততহে প্ৰকল্পটি সম্পূৰ্ণ হৈ উঠিব বুলি ভবা হৈছে ৷  এইয়া আমাৰ সামান্য প্ৰয়াস ৷ ইয়াৰ জৰিয়তে যদি কোনোবা সামান্য হ'লেও উপকৃত হ'ব পাৰে, তেন্তে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিব পাৰিম ৷      অসমবাসী ৰাইজৰ বহুমূলীয়া দিহা-পৰামৰ্শ কামনা কৰিছোঁ ৷ —  শব্দকোষ